মধুমেহ মানে আপোনাৰ তেজত অত্যাধিক শৰ্কৰা থকা। উচ্চ ৰক্ত শৰ্কৰাৰ সমস্যা তেতিয়া আৰম্ভ হয় যেতিয়া আপোনাৰ শৰীৰে ইনছুলিন নামৰ ৰাসায়নিক পদাৰ্থ বা হ’ৰমোনটো পৰ্যাপ্তৰূপে উৎপন্ন নকৰা হয়।
আপোনাৰ শৰীৰে আপুনি খোৱা বেছিভাগ খাদ্যকে গ্লুক’জ বুলি কোৱা এক শৰ্কৰালৈ ৰূপান্তৰিত কৰে।
এই শৰ্কৰা আপোনাৰ তেজৰ জৰিয়তে আপোনাৰ শৰীৰৰ প্ৰতিটো কোষলৈ গতি কৰে। আপোনাক শক্তি প্ৰদান কৰিবলৈ আপোনাৰ শৰীৰৰ কোষবোৰক এই শৰ্কৰাৰ প্ৰয়োজন হয়।
ইনছুলিনে শৰ্কৰাক আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ গতি কৰাত সহায় কৰে। ইনছুলিনৰ অবিহনে আপোনাৰ কোষসমূহে আপোনাক শক্তিৱন্ত কৰি ৰাখিবলৈ সেইবোৰক প্ৰয়োজন হোৱা শৰ্কৰা পাব নোৱাৰে।
আপোনাৰ তেজৰ পৰা আপোনাৰ কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰি, ইনছুলিনে আপোনাৰ তেজত ৰক্ত শৰ্কৰাৰ স্তৰ স্বাভাৱিক (খুব বেছিও নহয়; খুব কমো নহয়) কৰি ৰখাত সহায় কৰে।
যেতিয়া উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত ইনছুলিন নাথাকে, তাৰ অৰ্থ হ’ল আপুনি মধুমেহত ভূগিছে।
উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰে জটিল স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে
মধুমেহৰ চিকিৎসা কৰিব পাৰি আৰু নিশ্চয়কৈ কৰা উচিত।
আপোনাৰ শৰীৰে ইনছুলিন মুঠেই উৎপন্ন নকৰিলে
আপোনাৰ শৰীৰে ইনছুলিন পৰ্যান্তৰূপে উৎপন্ন নকৰিলে, বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰিলে
ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হৈ থাকিলে বা তেজৰ পৰা কোষসমূহলৈ শৰ্কৰা প্ৰেৰণ কৰিবলৈ আপোনাৰ ওচৰত পৰ্যান্তৰূপে ইনছুলিন নাথাকিলে।
টাইপ 2 মধুমেহত শৰীৰে অলপ ইনছুলিন উৎপন্ন কৰিব পাৰে কিন্তু পৰ্যাপ্ত পৰিমাণে উৎপন্ন কৰিব নোৱাৰে।
বা শৰীৰে উৎপন্ন কৰা ইনছুলিনে ভালদৰে কাম নকৰে
টাইপ 2 মধুমেহ সাধাৰণতে প্ৰাপ্তবয়স্কৰ হয়, কিন্তু শিশুৰ ক্ষেত্ৰতো হ’ব পাৰে।
ই অত্যাধিক ওজনৰ মানুহৰ ক্ষেত্ৰত বা মধুমেহত ভোগা পৰিয়ালৰ লোকৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।
টাইপ 2 মধুমেহৰ সৈতে বহুতো সংশয়ৰ কাৰক জৰিত হৈ থাকে, সেইবোৰত অন্তৰ্ভুক্ত:
আপোনাৰ মধুমেহ থাকিলে, আপোনাৰ তেজত অত্যাধিক শৰ্কৰা (গ্লুক’জ) তৈয়াৰ হয়।
আপোনাৰ বৃক্কই অতিৰিক্ত শৰ্কৰা পৰিশোধন আৰু শোষণ কৰিবলৈ অধিক সময় কাম কৰিবলৈ বাধ্য হয় আৰু ইয়াৰ ফলত বেছিকৈ পেচাব হয়।
সঘনাই পেচাব কৰাৰ ফলত শৰ্কৰা কমাৰ লগতে আপোনাৰ কেলৰিও কমি যায়।
একে সময়তে, মধুমেহে আপোনাৰ খাদ্যৰ পৰা শৰ্কৰাক আপোনাৰ কোষবোৰলৈ যোৱাত বাধা দিব পাৰে – পৰিণতিস্বৰূপে আপোনাৰ অনবৰতে ভোক লাগি থাকে।
যৌথ প্রভাৱ হয় এক সম্ভাব্য দ্রুত ওজন হ্রাসৰ ৰূপত।
অত্যাধিক পিয়াহ (যাক পলিডিপ্সিয়া বুলিও কোৱা হয়) মধুমেহৰ এক আদৰ্শ লক্ষণ।
আপোনাৰ মধুমেহ থাকিলে, আপোনাৰ তেজত অত্যাধিক শৰ্কৰা (গ্লুক’জ) তৈয়াৰ হয়।
আপোনাৰ বৃক্কই অতিৰিক্ত শৰ্কৰা পৰিশোধন আৰু শোষণ কৰিবলৈ অধিক সময় কাম কৰিবলৈ বাধ্য হয়।
আপোনাৰ বৃক্কই সমানে কাম কৰিব নোৱাৰিলে, অতিৰিক্ত শৰ্কৰা আপোনাৰ পেচাবলৈ নিঃসৰিত হয়, লগতে আপোনাৰ কলাৰ পৰা তৰল পদাৰ্থ চুঁচি আনে।
ইয়াৰ ফলত পেচাব আৰু সঘনাই হয়, যাৰ ফলত আপুনি ডিহাইড্ৰেট হৈ পৰিবও পাৰে।
আপুনি পিয়াহ তৃপ্ত কৰিবলৈ যিমানে বেছি পনীয়া বস্তু খাব, সিমানেই বেছি পেচাব হ’ব।
আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। বহুতো কাৰকে ইয়াত অৰিহণা যোগায়।
দীঘলীয়া সময়ৰ বাবে থকা ৰক্ত শৰ্কৰাৰ উচ্চ মাত্ৰাই স্নায়ুক প্ৰভাৱিত কৰিব পাৰে যাৰ ফলত ৰক্ত প্ৰবাহ দুৰ্বল হ’ব পাৰে। কটা আৰু ছিঙাৰ দ্বাৰা প্ৰভাৱিত ঠাই টুকুৰাৰ ছাল ঠিক হ’বলৈ প্ৰয়োজন হোৱা তেজ সেই স্থান পোৱাটো টান হৈ পৰে।
ইয়াৰ ফলত সেই ঠাই টুকুৰা মাহ ধৰি নুশুকোৱাকৈ মুক্ত হৈ থাকে আৰু পৰিণতিত নিম্নলিখিতবোৰৰ শংকা বৃদ্ধি পায়:
মধুমেহৰ লক্ষণত কেতিয়াবা আপোনাৰ দৃষ্টিশক্তিও অন্তৰ্ভুক্ত হয়।
ৰক্ত শৰ্কৰা উচ্চ স্তৰে আপোনাৰ কলাৰ পৰা তৰল পদাৰ্থ টানি আনে। সেই কলাবোৰত আপোনাৰ চকুৰ লেঞ্চো অন্তৰ্ভুক্ত।
এইটোৱে আপোনাৰ দৃষ্টি কেন্দ্ৰিত কৰাৰ শক্তি প্ৰভাৱিত কৰে।
আপোনাৰ তেজত ৰক্ত শৰ্কৰাৰ উচ্চ মাত্ৰাই স্নায়ুৰ ক্ষতি সাধিব পাৰে।
আপুনি আপোনাৰ হাত আৰু ভৰিত সিৰসিৰনি আৰু সংবেদনশীলহীনতা লক্ষ্য কৰিব পাৰে, লগতে বাহু, হাত, ভৰি আৰু ভৰিৰ পতাত জ্বলন সদৃশ বিষো অনুভৱ কৰিব পাৰে।
75 শতাংশ মহিলাই তেওঁলোকৰ জীৱনত কমেও এবাৰ যোনিৰ সংক্ৰমণত ভোগে।
উচ্চ ৰক্ত শৰ্কৰা আৰু যোনি সংক্রমণৰ মাজত এটা গুৰুত্বপূর্ণ সংযোগ আছে।
বহুতো কথাই আপোনাৰ সংক্রমণৰ শংকা বৃদ্ধি কৰিব পাৰে যিবোৰৰ ভিতৰত মধুমেহো এটা।
এইটো অনুমান কৰা হৈছে যে প্ৰায় 35% ৰ পৰা 75% মধুমেহত ভোগা পুৰুষে তেওঁলোকৰ জীৱনত কিছু পৰিমাণে হ’লেও উত্থানক্ষম সমস্যা বা নপুংশকতাৰ সমস্যা অনুভৱ কৰিব।
অনিয়ন্ত্ৰিত মধুমেহে বহু সংখ্যক হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে য’ত অন্তৰ্ভুক্ত হয় হৃদৰোগ, স্নায়ুৰ ক্ষতি, অঙ্গচ্ছেদন আৰু দৃষ্টিৰ সমস্যা।
সাধাৰণ মানুহৰ তুলনাত মধুমেহে হৃদৰোগ বা ষ্ট্ৰ’কৰ শংকা 3 ৰ পৰা 4 গুণ বৃদ্ধি কৰে। ইয়াত অন্তৰ্ভুক্ত হয় বুকুৰ বিষৰ সৈতে (এন্জাইনা) ক’ৰ’নেৰি ধমনীৰ ৰোগ, হাৰ্ট এটেক, ষ্ট্ৰ’ক আৰু ধমনী ঠেক হৈ যোৱা (এথেৰোস্ক্লেৰ’ছিছ)
অত্যাধিক শৰ্কৰাই আপোনাৰ স্নায়ুৰ প্ৰতিপাল কৰা ক্ষুদ্ৰ ৰক্ত নলীবোৰৰ বেৰৰ (কপিলাৰিছ) ক্ষতি সাধিব পাৰে, বিশেষৈ আপোনাৰ ভৰিত। ই সিৰসিৰনি, অসাৰতা, জ্বলন বা বিষৰ সৃষ্টি কৰে যি সাধাৰণতে আঙুলিৰ মূৰৰ পৰা আৰম্ভ হৈ ক্ৰমান্বয়ে ওপৰলৈ বাঢ়ি যায়। চিকিৎসা নকৰাকৈ থাকিলে, প্ৰভাৱিত অঙ্গত আপুনি স্নায়ুৰ সংবেদনশীলতা সম্পূৰ্ণৰপে হেৰুৱাব পাৰে। পাচন তন্ত্ৰৰ সৈতে জৰিত স্নায়ুৰ ক্ষতিয়ে উকালি অহা, বমি, অতিসাৰ বা কৌষ্ঠকাঠিন্য আদিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত পুৰুষৰ উত্থানক্ষম সমস্যাও হ’ব পাৰে।
বৃক্কত লক্ষ্য লক্ষ্য ক্ষুদ্ৰ ৰক্ত নলীকাৰ পুঞ্জ (গ্লমেৰুলি) থাকে যি আপোনাৰ তেজৰ পৰা অহা আৱৰ্জনা পৰিশোধন কৰে। মধুমেহে এই আলসুৱা পৰিশোধন প্ৰণালীৰ ক্ষতি সাধিব পাৰে। গম্ভীৰ ক্ষতিৰ ফলত বৃক্ক নষ্টও হ’ব পাৰে বা অপৰিৱৰ্তনীয় শেষ পৰ্যায়ৰ বৃক্কৰ ৰোগ হ’ব পাৰে য’ত ডায়েলাইছিছ বা বৃক্ক প্ৰত্যাৰোপণ কৰিব লগীয়া হ’ব পাৰে।
মধুমেহে ৰেটিনাৰ ৰক্ত নলীৰ ক্ষয় সাধিব পাৰে (ডায়েবটিক ৰেটিন’পেথি) যি সম্ভাব্য অন্ধতাৰ দিশলৈ লৈ যাব পাৰে। মধুমেহে কেটাৰেক্ট আৰু গ্লুক’মাৰ দৰে চকুৰ আন সমস্যা হোৱাৰো শংকা বৃদ্ধি কৰে।
ভৰিৰ পতাৰ স্নায়ুৰ সমস্যা বা ভৰিৰ পতালৈ হোৱা ৰক্ত প্ৰবাহৰ সমস্যাই ভৰিৰ বহুতো জটিল সমস্যাৰ সৃষ্টি কৰে। চিকিৎসা নকৰাকৈ থাকিলে, ঘাঁ বা ফোঁহাৰ পৰা জটিল সংক্ৰমণ হ’ব পাৰে যি সহজে আৰোগ্য নহয়। এই সংক্ৰমণবোৰৰ ফলত শেষত প্ৰভাৱিত ঠাই টুকুৰা কাটি পেলাব লগা হয়। মধুমেহৰ ফলতেই সৰ্বাধিক অঙ্গচ্ছেদন কৰিব লগা হয়।
মধুমেহ আপোনাৰ ছালৰ সমস্যাৰ শংকা বৃদ্ধি কৰে য’ত অন্তৰ্ভুক্ত হয় বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণ।
মধুমেহৰ পিলে ৰক্ত শৰ্কৰা আৰু পৰৱৰ্তী জটিলতাসমূহ কম কৰাত সহায় কৰে।
মধুমেহৰ পিল বা টেবলেট বিভিন্ন প্ৰকাৰৰ আছে। সেইবোৰৰ বহুতে বিভিন্ন ধৰণেৰে কাম কৰে।
কিছুমান ৰোগীয়ে এটাতকৈ বেছি মধুমেহৰ পিল খোৱাৰ প্ৰয়োজন হয়।
মধুমেহৰ পিলে আটাইতকৈ ভালকৈ তেতিয়া কাম কৰে যেতিয়া আপুনি আপোনাৰ খাদ্য আৰু ব্যায়মৰ সূচী ভালদৰে অনুসৰণ কৰে।
আপুনি নিন্মলিখিতবোৰ কৰা উচিত:আপোনাৰ মধুমেহৰ পিল সদায় একে সময়তে খোৱা
দৰৱ শেষ হোৱাৰ আগতেই পুনৰ অনা
আপুনি আন বৈকল্পিক বা বনৌষধি লৈছে যদি সেইবিষয়ে আপোনাৰ চিকিৎসকক জনোৱা আপুনি নিন্মলিখিতবোৰ কৰা অনুচিত:ঔষধ ল’বলৈ পাহৰি যোৱা
আহাৰ নোখোৱাকৈ থকা
চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ ল’বলৈ বন্ধ কৰা
পিল বেছিকৈ বা কমকৈ খোৱা
ই আপোনাৰ শৰীৰৰ ইনছুলিনৰ কাৰ্য বৃদ্ধি কৰে, যকৃতত কাম কৰে আৰু ই শৰীৰক গ্লুক’জ ব্যৱহাৰ কৰাত সহায় কৰে।
আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।
আৰম্ভণিতে, পেটৰ অসুবিধা আৰু অতিসাৰৰ সৃষ্টি কৰিব পাৰে কিন্তু সাধাৰণতে প্ৰায় 1 সপ্তাহৰ ভিতৰত ঠিক হৈ যায়। খাদ্যৰ লগত ল’লে সহায় হ’ব পাৰে। কেতিয়াবা আপুনি ইয়াৰ খালী বাকলিটো শৌচত দেখিব পাৰে।
আপোনাৰ গ্লুক’জ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি অগ্ন্যাশয়ৰ পৰা নিঃসৰিত হোৱা ইনছুলিনৰ স্তৰ বৃদ্ধিত সহায় কৰিব পাৰে।
ই হাইপ’গ্লাইচেমিয়া সৃষ্টি নকৰে আৰু ই আটাইতকৈ সুৰক্ষিত ঔষধ
এইবোৰে অগ্ন্যাশয়ৰ বিটা কোষক অধিক ইনছুলিন উৎপন্ন কৰিবলৈ কয়
কেতিয়াবা ই নিম্ন ৰক্ত শৰ্কৰা বা হাইপ’গ্লাইচেমিয়াৰ সৃষ্টি কৰিব পাৰে।
ইবোৰ ইনছুলিনৰ দৰে ছালৰ তলৰ পথেৰে লোৱা হয় আৰু ই গ্লুক’জ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি অগ্ন্যাশয়ৰ পৰা নিঃসৰিত হোৱা ইনছুলিনৰ স্তৰ বৃদ্ধিত সহায় কৰে।
আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰে।
ই হাইপ’গ্লাইচেমিয়া সৃষ্টি নকৰে কিন্তু কেতিয়াবা আপুনি বমি বমি ভাৱ অনুভৱ কৰিব পাৰে।
ই শৰীৰৰ গ্লুক’জ গ্ৰহণ বৃদ্ধি কৰাত সহায় কৰে, বিশেষকৈ আপোনাৰ মাংসপেশীত
কেতিয়াবা ইয়াৰ ফলত ওজন বৃদ্ধি বা উখহাৰ দৰে হ’ব পাৰে
এইবোৰ কম সময়ৰ বাবে কাম কৰা ঔষধ আৰু ই অগ্ন্যাশয়ৰ পৰা ইনছুলিনৰ নিঃসৰণত সহায় কৰে।
এই ঔষধবোৰ কেৱল আহাৰৰ লগতহে ল’ব লাগে।
কেতিয়াবা ইয়াৰ ফলত হাইপ’গ্লাইচেমিয়া হ’ব পাৰে কিন্তু চালফ’নিলুৰিয়াচৰ তুলনাত এনে হোৱাৰ সম্ভাৱনা কম।
এই পিলবোৰে আপুনি আহাৰ খোৱাৰ পিছত খাদ্যনলীৰ পৰা কাৰ্ব’হাইড্ৰে’টৰ শোষণ মন্থৰ কৰে।
এইবোৰ আহাৰৰ লগতহে ল’ব লাগিব, কাৰণ ই প্ৰত্যক্ষভাৱে আহাৰৰ সৈতে কাম কৰে। আপুনি আহাৰ নাখালে ঔষধো নল’ব।
আৰম্ভণিতে ই গেষ্টিকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিটো সময়ৰ লগে লগে নোহোৱা হৈ যায়।
সেইবোৰে পেচাবৰ জৰিয়তে শৰীৰৰ বাহিৰলৈ গ্লুক’জ উলিয়াই দি বৃক্কৰ ওপৰত ক্ৰিয়া কৰে মানুহক ওজন কম কৰাত সহায় কৰিব পাৰে কেতিয়াবা ই যৌনাংগত ভেঁকুৰৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।
হাইপ’গ্লাইচেমিয়া হ’ল তেজৰ অস্বাভাৱিকভাৱে নিম্ন গ্লুক’জ স্তৰৰ দ্বাৰা প্ৰভাৱিত এক স্থিতি, সাধাৰণতে 70 mg/dl তকৈ কম।
এনে হ’ব পাৰে যদিহে আপুনি:
ইনছুলিনেৰে মধুমেহৰ চিকিৎসা কৰা লোকসকলৰ ক্ষেত্ৰত নক্টাৰ্নেল হাইপ’গ্লাইচেমিয়া বা ৰাতিৰ সময়ৰ হাইপ’টো এটা সাধাৰণ কথা। হাইপ’ৰ পৰা উঠিলেহে সাধাৰণতে লক্ষণৰ বিষয়ে গম পোৱা যায়।
ইয়াৰ বৈশিষ্ট্যৰ বাবে আপুনি সাধাৰণতে হাইপ’ হোৱা বুলি ৰাতি হাইপ’ৰ পৰা উঠিলেহে গম পায়।
সেয়েহে মানুহে তেওঁলোকে ৰাতিৰ সময়ৰ হাইপ’ত ভোগা বুলি গমকে নাপায়। গতিকে নক্টাৰ্নেল হাইপ’গ্লাইচেমিয়া হৈ থকোঁতে ইয়াৰ সংকেত তথা লক্ষণ চিনাক্ত কৰিব পৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ।
ইনছুলিন ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত নক্টাৰ্নেল হাইপ’গ্লাইচেমিয়া হোৱাটো সাধাৰণ কথা যদিও, ই মুখেৰে এণ্টি-ডায়েবেটিক ঔষধ খোৱা লোকৰ ক্ষেত্ৰতো হ’ব পাৰে।
মধুমেহত ভোগা শিশুৰ মাক দেউতাকৰ বাবে নক্টাৰ্নেল হাইপ’গ্লাইচেমিয়াই বিশেষভাৱে উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে।
মধুমেহত ভোগা শিশুৰ মাক দেউতাকে নিদ্ৰাৰত অৱস্থাত তেওঁলোকৰ সন্তানৰ ডিঙিৰ পৰীক্ষা কৰিব পাৰে যদিহে তেওঁলোকে তেওঁলোকৰ সন্তানৰ ৰাতিৰ সময়ৰ হাইপ’গ্লাইচেমিয়া হোৱাৰ আশংকা কৰে।